পৰিবেশৰ গুৰুত্ব
সাধাৰণ অৰ্থত ক’বলৈ হ’লে আমি আমাৰ চাৰিওফালে যি দেখিছো সেই সকলোবিলাকেই আমাৰ পৰিবেশ। বায়ু, বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মাটি, পানী, পৰ্বত-পাহাৰ আদি আমাৰ চাৰিওফালে আছে। এইবোৰৰ উপৰিও আমাৰ ঘৰ-দুৱাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, হাট-বজাৰ, কল-কাৰখানা আদিও আমাৰ চৌদিশে আছে। এই সকলোবোৰ বস্তুৱেই আমাৰ পৰিবেশৰ ভিতৰুৱা। চমুকৈ ক’বলৈ গ’লে কোনো এটা জীৱৰ বাসভূমিৰ কেউদিশৰ অৱস্থাকেই পৰিবেশ বুলি কোৱা হয়। আমাৰ পৰিবেশত থকা মুখ্য উপাদানবোৰ হ’ল বায়ু, পানী আৰু মাটি। এই তিনিবিধ ভৌতিক বা অজৈৱিক উপাদানৰ বাহিৰেও পৰিবেশত আৰু কিছুমান ভৌতিক উপাদানৰ বৰঙণি আছে। তেনেবোৰ উপাদানৰ ভিতৰত উষ্ণতা, পোহৰ আৰু বিকিৰণ, বায়ুৰ চাপ, মাধ্যাকৰ্ষণ শক্তি, বায়ুমণ্ডলত থকা বিভিন্ন ৰাসায়নিক উপাদান উল্লেখযোগ্য। কোনো এটা পৰিবেশত জীয়াই থকা জীৱসমূহেই হ’ল পৰিবেশৰ জৈৱিক উপাদান। কোনো এটা পৰিবেশৰ জীৱসমূহক উপাদান হিচাপে তিনিটা মুখ্য ভাগত ভগাব পাৰোঁ।
(ক) উৎপাদক
(খ) উপভোক্তা
(গ) বিয়োজক
(ক) উৎপাদক:
সাম্প্ৰতিক সময়ত পৃথিৱীৰ পৰিবেশৰ অৱস্থা অতিশয় উদ্বেগজনক। লেতেৰা পানী, আৱৰ্জনা, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য আদিয়ে আনকি বিশ্বৰ উন্নত দেশবোৰকো প্ৰদূষিত কৰিছে। সমগ্ৰ পৃথিৱীতে বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পানী প্ৰদূষণৰ ফলত পানীত থকা বহুতো প্ৰাণীৰ মৃত্যু হৈছে। মাৰ্কাৰী প্ৰদূষিত মাছ বা অন্য খাদ্য খাই বহুতো মানুহ মৃত্যুমুখত পৰিছে। উল্লেখযোগ্য যে কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা মাৰাত্মক ৰাসায়নিক দ্ৰব্যসমূহৰ ভিতৰত মাৰ্কাৰী বা পাৰা অন্যতম।
বনাঞ্চল হ্ৰাস:
পৃথিৱীত ব্যাপক হাৰত পৰিবেশ প্ৰদূষণ হোৱাৰ অন্যতম কাৰণ এটা হ’ল বনাঞ্চলৰ সংকোচন। বিশ্বখাদ্য আৰু কৃষি সংস্থাৰ নীতি অনুসৰি মুঠ স্থলভাগৰ ৩৩ শতাংশ বনাঞ্চল থাকিব লাগে। কিন্তু তাৰ বিপৰীতে পৃথিৱীৰ বনাঞ্চলসমূহ দ্ৰুতহাৰত বিলুপ্তিহে ঘটিছে। এক সমীক্ষা মতে বনাঞ্চল ধ্বংসত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। ভাৰতবৰ্ষত বছৰি ১৩০ হেক্টৰতকৈও অধিক বনাঞ্চল বিলুপ্ত হৈ আছে। বৰ্তমান ভাৰতৰ মুঠ স্থলভাগৰ প্ৰায় ১৩ শতাংশহে বনাঞ্চল।
আৰ্দ্ৰভূমিৰ সংকট:
পৃথিৱীৰ পৰিবেশ বিপন্ন হোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল আৰ্দ্ৰভূমিৰ সংকট। জলভূমি অঞ্চলৰ অসংযত ব্যৱহাৰৰ ফলত ইয়াত বাস কৰা জীৱসমূহ বিপন্ন হৈছে। পৃথিৱীৰ সকলো ঠাইতে আৰ্দ্ৰভূমিৰ সংকট হৈছে। আৰ্দ্ৰভূমিবোৰ কেৱল যে সংকুচিত হৈছে এনে নহয়, বহুতো আৰ্দ্ৰভূমি ইতিমধ্যে বিলুপ্ত হৈছে।
সেউজ গৃহ প্ৰক্ৰিয়া:
সূৰ্যৰ পৰা যি পোহৰ আৰু তাপ পৃথিৱীত পৰে, সেই শক্তিয়ে পৃথিৱীৰ উত্তাপ বঢ়ায়। সাধাৰণ অৱস্থাত সূৰ্যৰ পৰা বিকিৰণ হোৱা তাপ পৃথিৱীপৃষ্ঠই শোষণ কৰে আৰু কিছু অংশ বিকিৰিত হৈ বায়ুমণ্ডললৈ ঘূৰি যায়। বায়ুমণ্ডলত থকা কিছুমান গেছে পৃথিৱীপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ যোৱা সূৰ্যৰ ৰশ্মি ধৰি ৰাখে। ইয়াৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বাঢ়ি যায়। যিবোৰ গেছে সূৰ্যৰ ৰশ্মি ধৰি ৰাখি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে সেইসমূহ গেছ অৱশ্যে প্ৰাকৃতিকভাৱে বায়ুমণ্ডলত নাথাকে। এই জাতীয় গেছবোৰ বায়ুমণ্ডলত কৃত্ৰিমভাৱে সৃষ্টি হয়। বায়ুমণ্ডলত এই গেছসমূহ একেবাৰে নথকা হ’লে বায়ুমণ্ডলৰ উত্তাপ বহুখিনি কমি গ’লহেঁতেন। সূৰ্যৰ ৰশ্মি ধৰি ৰখা এই গেছসমূহক সেউজ গৃহ ৰশ্মি বোলা হয়। কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মন’ক্সাইড, মিথেন, অ’জন, ক্লোৰোফ্লোৰো-কাৰ্বন আদি বায়ুমণ্ডলত থকা উল্লেখযোগ্য সেউজ গৃহ গেছ। এই গেছসমূহে বায়ুমণ্ডলক বাগিচাত থকা আয়নাৰ ঘৰৰ দৰে কৰি ৰাখে। সেউজ গৃহ গেছৰ দ্বাৰা পৃথিৱী পৃষ্ঠত উত্তাপ বৃদ্ধি হোৱা এই প্ৰক্ৰিয়াটোক সেউজ গৃহ প্ৰক্ৰিয়া বোলে।
অসমত পৰিবেশৰ সমস্যা
অসম প্ৰাকৃতিক সম্পদত চহকী। অসমৰ মুঠ মাটিকালিৰ প্ৰায় ৪০ শতাংশ অৰণ্য আৰু ইয়াৰ প্ৰায় ২২ শতাংশ সংৰক্ষিত বনাঞ্চল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভালেমান দুষ্প্ৰাপ্য বন্যপ্ৰাণী আছে। কিন্তু পৰিবেশ প্ৰদূষণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন অভয়াৰণ্যত থকা জীৱ-জন্তু, চৰাই-চিৰিকতি সঘনে ৰোগাক্ৰান্ত হোৱা দেখা গৈছে। আনহাতে অসমত বনাঞ্চল সংকোচন দ্ৰুতগতিত বাঢ়িছে। অৰণ্যত গছ-বিৰিখ কমি গৈছে। বনাঞ্চল সংকোচনৰ ফলত ভূমিক্ষয় বৃদ্ধি পাইছে। ফলত ব্ৰহ্মপুত্ৰৰ নাব্যতা কমি আহিছে। ব্ৰহ্মপুত্ৰখন পলস জমা হৈ ক্ৰমাৎ বাম হৈ অহাত বানপানী আৰু গৰাখহনীয়াই ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। ইফালে অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা নিৰ্গত হোৱা তৈল-আৱৰ্জনাই জলাশয় আৰু কৃষি-মাটি বিপদজনকভাৱে প্ৰদূষিত কৰিছে। কাগজকলৰ পৰা বৰ্জ্য ৰাসায়নিক বস্তুবোৰে বায়ু আৰু পানী প্ৰদূষিত কৰিছে। অসমৰ চাহ বাগিচাসমূহত ব্যাপক হাৰত কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। বৰষুণৰ পানীত সেইবোৰ উটি আহি সাধাৰণতে জলাশয়ৰ পানী দূষিত কৰে। সম্প্ৰতি অসমৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে অসমত পৰিবেশ সজাগতা আৰু সংৰক্ষণৰ বাবে কাম কৰি আছে। সেইসমূহৰ ভিতৰত নেচাৰ্চ বেকন, অৰণ্যক, অসম বিজ্ঞান সমিতি আদিৰ নাম উল্লেখযোগ্য।
পৰিবেশৰ কথা
গছক ‘পৃথিৱীৰ হাওঁফাওঁ’ বুলি কোৱা হয়।
ভাৰতবৰ্ষত প্ৰায় ১৫৫০ টা বৃহৎ নদী বান্ধ আছে।
সুন্দৰলাল বহুগুণাৰ নেতৃত্বত ‘চিপ্কো আন্দোলন’ গঢ়ি উঠিছিল।
১৯৮৯ চনত নৰ্মদা নদীত নিৰ্মিয়মান দুটা বান্ধৰ বিৰোধিতা কৰি ‘নৰ্মদা বচাও’ আন্দোলনৰ সূচনা হৈছিল।
পৃথিৱীৰ বাৰি মণ্ডলত মুঠ ১.৪ বিলিয়ন কিউবিক কিলোমিটাৰ পানী আছে।
বাৰিমণ্ডলৰ মুঠ পানীৰ ৩ শতাংশ নিৰ্মল পানী।
জৱাহৰলাল নেহৰুৱে নদীৰ বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পবোৰক ‘আধুনিক ভাৰতৰ মঠ’ আখ্যা দিছিল।
অষ্ট্ৰেলিয়াত পৃথিৱীৰ ভিতৰত সৰ্বাধিক খনিজ পদাৰ্থ আছে।
কয়লা ব্যৱহাৰত চীন দেশে বিশ্বত প্ৰথম স্থান অধিকাৰ কৰি আছে।
প্ৰাকৃতিক গেছ ব্যৱহাৰৰ ক্ষেত্ৰত ছোভিয়েট ৰাছিয়াই বিশ্বত প্ৰথম স্থান অধিকাৰ কৰি আছে।
১-২.৫ ইঞ্চি মাটি গঠন হ’বলৈ প্ৰায় ২০০-১০০০ বছৰৰ দৰকাৰ হয়।
পৃথিৱীৰ ১/৫ অংশ অৰ্থাৎ প্ৰায় ১৩,৩৯৩ নিযুত হেক্টৰ অংশ মাটি।
LPG চিলিণ্ডাৰৰ ভিতৰত ইথাইল মাৰকাপটান মিহলি কৰা হয়।
প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰ সুসংৰক্ষণৰ বাবে পৰিৱেশ অধ্যয়ন অতি আৱশ্যকীয়। পৰিৱেশত বাস কৰা সকলো প্ৰাণী আৰু উদ্ভিদৰ জীৱন সাঙুৰ খাই থাকে। সেয়েহে পৰিৱেশ বিজ্ঞানীৰ লগতে শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱক, আইনজীৱী সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ দ্বাৰা পৰিৱেশক মজবুত কৰি ৰখা দৰকাৰ। তাৰবাবে আমি তলৰ বিষয় কেইটাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।
জনসাধাৰণৰ মাজত সজাগতা,
শিক্ষাদানৰ বিভিন্ন স্তৰত পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্তিকৰণ,
স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা সজাগতা,
আইন প্ৰণয়ন।
Comments
Post a Comment