Posts

Showing posts with the label পৰিবেশৰ গুৰুত্ব

পৰিবেশৰ গুৰুত্ব

সাধাৰণ অৰ্থত ক’বলৈ হ’লে আমি আমাৰ চাৰিওফালে যি দেখিছো সেই সকলোবিলাকেই আমাৰ পৰিবেশ। বায়ু, বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মাটি, পানী, পৰ্বত-পাহাৰ আদি আমাৰ চাৰিওফালে আছে। এইবোৰৰ উপৰিও আমাৰ ঘৰ-দুৱাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, হাট-বজাৰ, কল-কাৰখানা আদিও আমাৰ চৌদিশে আছে। এই সকলোবোৰ বস্তুৱেই আমাৰ পৰিবেশৰ ভিতৰুৱা। চমুকৈ ক’বলৈ গ’লে কোনো এটা জীৱৰ বাসভূমিৰ কেউদিশৰ অৱস্থাকেই পৰিবেশ বুলি কোৱা হয়। আমাৰ পৰিবেশত থকা মুখ্য উপাদানবোৰ হ’ল বায়ু, পানী আৰু মাটি। এই তিনিবিধ ভৌতিক বা অজৈৱিক উপাদানৰ বাহিৰেও পৰিবেশত আৰু কিছুমান ভৌতিক উপাদানৰ বৰঙণি আছে। তেনেবোৰ উপাদানৰ ভিতৰত উষ্ণতা, পোহৰ আৰু বিকিৰণ, বায়ুৰ চাপ, মাধ্যাকৰ্ষণ শক্তি, বায়ুমণ্ডলত থকা বিভিন্ন ৰাসায়নিক উপাদান উল্লেখযোগ্য। কোনো এটা পৰিবেশত জীয়াই থকা জীৱসমূহেই হ’ল পৰিবেশৰ জৈৱিক উপাদান। কোনো এটা পৰিবেশৰ জীৱসমূহক উপাদান হিচাপে তিনিটা মুখ্য ভাগত ভগাব পাৰোঁ। (ক) উৎপাদক (খ) উপভোক্তা (গ) বিয়োজক (ক) উৎপাদক: সাম্প্ৰতিক সময়ত পৃথিৱীৰ পৰিবেশৰ অৱস্থা অতিশয় উদ্বেগজনক। লেতেৰা পানী, আৱৰ্জনা, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য আদিয়ে আনকি বিশ্বৰ...